মিৰ্জা গালিব

মিৰ্জা গালিব (ইংৰাজী: Mirza Ghalib, উৰ্দু: مرزا غالب; হিন্দী: मिर्ज़ा ग़ालिब) হৈছে সৰ্বকালৰ প্ৰসিদ্ধ উৰ্দু কবিসকলৰ মাজৰ এজন। মিৰ্জা আছাদুল্লা বাইগ খান (ইংৰাজী: Mirza Asadullah Baig Khan, উৰ্দু/পাৰ্ছী: مرزا اسد اللہ بیگ خان) ৰূপে তেখেতৰ জন্ম হৈছিল৷ গালিব হৈছে তেওঁৰ ছদ্মনাম।১৭৯৭ চনৰ ২৭ ডিচেম্বৰত আগ্ৰাত গালিবৰ জন্ম হয়। গালিবৰ আনুষ্ঠানিক শিক্ষা সম্বন্ধে ইমান বিতঙকৈ জনা নাযায়৷ তেওঁৰ জীৱনৰ আদিছোৱা আৰু আনুষ্ঠানিক শিক্ষাৰ বিষয়ে কোনো লিখিত তথ্য নথকাৰ কাৰণে ইয়ে পণ্ডিত সমাজক বিবুধিত পেলাই আহিছে৷ তথাপিও, এনেকৈয়ে কোৱা হয় যে দিল্লীৰ অভিজাত, সন্মানীয় আৰু বিজ্ঞসমাজৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল৷ অতি কম বয়সত, ১৮১০ চনৰ আশেপাশে এটা অতি সন্মানীয় পৰিয়ালৰ সৈতে তেওঁৰ বৈবাহিক সম্বন্ধ ঘটিছিল৷ ইয়াকো লগতে কোৱা হয় যে গালিবৰ সাতটি সন্তান আছিল কিন্তু দুৰ্ভাগ্যবশতঃ সাতোটি সন্তানৰ এটিও বাচি থকা নাছিল৷ এই দুখ তেওঁ কবিতাৰ জড়িয়তে নিগৰিত হৈছিল৷ গালিবৰ সুৰা আৰু জুৱাৰ প্ৰতি আসক্তি আছিল৷ যদিও সেই সময়ত জুৱা খেলক এক সামাজিক অপৰাধ বুলি গণ্য কৰা হৈছিল।

গালিবৰ সমাধি

এই জীৱনী বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব।

এই প্ৰবন্ধটো উৰ্দু কবিগৰাকীৰ বিষয়ে। একে নামৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ছবিখনৰ বাবে মিৰ্জা গালিব (চলচ্চিত্ৰ) চাওক।
মিৰ্জা গালিব
مرزا غالب
মোগল যুগৰ উৰ্দু কবি

মিৰ্জা আছাদুল্লা বাইগ খান
জন্ম ২৭ ডিচেম্বৰ, ১৭৯৭
আগ্ৰা, মোগল সাম্ৰাজ্য
মৃত্যু ১৫ ফেব্ৰুৱাৰী, ১৮৬৯ (৭১ বছৰ)
দিল্লী, পঞ্জাব, ব্ৰিটিছ ইণ্ডিয়া
ছদ্মনাম আছাদ, গালিব
পেচা কবি
সময় মোগল যুগ
ধৰণ গজল
বিষয় প্ৰেম, দৰ্শন

প্ৰভাবিত হয়

প্ৰভাবিত কৰে

১৮৬৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে এইজনা বিখ্যাত কবিয়ে শেষ নিশ্বাস ত্যাগ কৰে।

. . . মিৰ্জা গালিব . . .

    Wikisource has original text related to this article:

    Works

    . . . মিৰ্জা গালিব . . .

    This article is issued from web site Wikipedia. The original article may be a bit shortened or modified. Some links may have been modified. The text is licensed under “Creative Commons – Attribution – Sharealike” [1] and some of the text can also be licensed under the terms of the “GNU Free Documentation License” [2]. Additional terms may apply for the media files. By using this site, you agree to our Legal pages . Web links: [1] [2]

    . . . মিৰ্জা গালিব . . .